বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ বৰপেটাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ২০১৭ চনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ সংশোধনী আইনৰ আওতাৰ অধীনত নপৰা বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে৷
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, ‘বিদ্যালয় প্ৰাদেশিকীকৰণৰ আইনখন সংশোধনৰ বাবে ৰাজ্য চৰকাৰৰ কোনো প্ৰস্তাৱ নাই। ৰাজ্যত যিমান সংখ্যক বিদ্যালয়ৰ প্ৰয়োজন তাতকৈ অধিক সংখ্যক বিদ্যালয় আছে’।
ইয়াৰ উপৰি, ২০১৭ চনৰ আওতাত পৰা বিদ্যালয়ৰ কোনো শিক্ষক যদি প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি গৈছে তেন্তে তেওঁলোকক শীঘ্ৰে আবেদন জনাবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী পেগুৱে।