নলবাৰীত বান সাহায্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ। বান শিবিৰত থকা পৰিয়ালক চৰকাৰে আগবঢ়োৱা সাহায্য প্ৰদানত বৰভাগৰ ৰাইৎকুছি গাঁৱত বিজেপি কৰ্মীয়ে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

উত্থাপিত অভিযোগ অনুসৰি গাঁওখনৰ একেটা পৰিয়ালৰে দুই তিনিজন সদস্যই চৰকাৰ সাহায্য লাভ কৰা বুলি ক্ষোভ উজাৰে ৰাজপথলৈ ওলাই অহা লোকসকলে।

উল্লেখ্য যে বিগত প্ৰলয়ংকাৰী বানত গাঁওখনৰ ১৪০ ঘৰ লোক বানত সৰ্বস্বান্ত হৈ আশ্ৰয় গ্ৰহণ কৰিছিল শিবিৰত।

কিন্তু ১০৯ ঘৰ লোকেহে লাভ কৰে শিবিৰৰ নামত অহা ৩৮০০ টকাৰ চৰকাৰী সাহায্য। ইয়াতে ক্ষোভিত হৈ পৰিছে বান সাহায্যৰ পৰা বঞ্চিত লোকসকল।

বিজেপিৰ বুথ সভাপতি প্ৰদীপ কলিতাৰ বিৰুদ্ধে বান সাহায্য প্ৰদানৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে।