সদৌ অসম ছাত্ৰ সন্থা ৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থায়ো বিদ্যুৎ যোগান নিয়মীত কৰা,বিদ্যুৎ মাছুল হাস্ৰ কৰা দাবিৰে ৰহা স্থিত বিদ্যুৎ উপ সংমণ্ডল কাৰ্য্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কৰি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা ৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে সমস্ত ক্ষেত্ৰ বিদ্যুৎ যোগান নিয়মীত কৰক,বিদ্যুৎ মাছুল হাৰ্স সহ বিভিন্ন শ্লোগানেৰে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা ৰ প্ৰাক্তন সহকাৰী সম্পাদক মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা, ৰহা টাউন শাখা ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃগাংক বৰা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সদস্য সদস্যা উপস্থিত থাকে।