মৰাণৰ সমীপৰ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ কোঁ‌ৱৰে নৱম শ্ৰেণীৰ এজন ছাত্ৰক চৰ-ঘোচা মাৰি আহত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । খোৱাং বাঘটলী পথাৰ গাঁ‌ৱৰ ছাত্ৰজনে জানিবলৈ দিয়া অনুসৰি কালি বিদ্যালয়ৰ জিৰণিৰ সময়ত ছাত্ৰজনে আন এটা কোঠাৰ পৰা পানী বটল এটা অনাৰ অপৰাধতেই বিদ্যালয়খনৰ অধ্যক্ষ কৃষ্ণ কোঁ‌ৱৰে ছাত্ৰজনক শ্ৰেণী কোঠাৰ পৰা চোচৰাই নি চৰ-ঘোচা মাৰি আহত কৰে।

ইফালে বিদ্যালয় চুটি পিছত ছাত্ৰজন ঘৰ পাই বেছি অসুস্থ হোৱাত তেওঁক খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিয়ালৰ লোকে ভৰ্তি কৰে । লগতে ছাত্ৰজনৰ মাতৃয়ে ঘটনাৰ সন্দৰ্ভত খোৱাং আৰক্ষী থানাতো অৱগত কৰে । বৰ্তমান ছাত্ৰজন সংকটমুক্ত যদিও তেওঁৰ স্বাস্থ্যৰ কিছু পৰীক্ষা কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে। ইফালে এই সমগ্ৰ ঘটনাটো হয় বুলি স্বীকাৰ অধ্যক্ষজনে । লগতে তেওঁ দুখ প্ৰকাশ কৰিছে।

আনহাতে সাধাৰণ কথাতে ছাত্ৰজনৰ ওপৰত অধ্যক্ষজনে অমানবীয় অত্যাচাৰ কৰাত ক্ষোভ প্ৰকাশ কৰিছে খোৱাং আছুৰ লগতে স্থানীয় ৰাইজে ।