মঙলদৈত অতুল শৰ্মাৰ ঘটনাৰ ওপৰত চচিয়েল মিডিয়াত পোষ্ট কৰাৰ ওপৰত এজাহাৰ দাখিল।
মঙলদৈত অতুল শৰ্মা ঘটনাৰ ওপৰত সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে মঙলদৈ চিলাৰায় ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰে।
সংবাদ মেলত মৃত অতুল শৰ্মাৰ পত্নীক কেইজনমান লোকে চচিয়েল মিডিয়াত আপত্তি জনক মন্তব্য প্ৰকাশ কৰি মৃত অতুল শৰ্মাৰ পত্নীক সামাজিক আৰু মানসিক ভাৱে নিশেষ কৰিবলৈ উঠি পৰি লগা বুলি প্ৰকাশ কৰি যি সকলে অশ্লীল কথা বাৰ্তাৰে চচিয়েল মিডিয়াত সমালোচনা কৰিছে বা পোষ্ট দিছে সেই সকলৰ বিৰুদ্ধে মঙ্গলদৈ থানত এজাহাৰ দাখিল কৰা হৈছে বুলি সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনৰ জনাই।
চচিয়েল মিডিয়াত মৃত অতুল শৰ্মাৰ পত্নী প্ৰনীতা দেৱীক অপমান সুচক পোষ্ট দিয়া লোক কেইজন ক্ৰমে প্ৰাঞ্জল শৰ্মা , ( নলবাৰী )মনোৰঞ্জন শৰ্মা, ধীৰাজ কুমাৰ শৰ্মা ,ভৃগু শৰ্মা নামত ইতিমধ্যে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে এজাহাৰ দাখিল কৰে।
ইতিমধ্যে মৃত অতুল শৰ্মাৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰেই কোচ ৰাজবংশী সন্মিলনীয়ে আঠ জন লোকৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰিছিল যদিও এতিলৈকে মাত্ৰ এজন লোকক আটক কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছে বুলি সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে।এই লোক সকলৰ লগতে আজি এজাহাৰত উল্লেখ কৰা লোক সকলক ১৬ আগষ্ট তাৰিখৰ ভিতৰত আৰক্ষীয়ে আটক নকৰিলে ১৬তাৰিখৰ পৰা কোচ ৰাজবংশী সন্মিলনীয়ে অসম জুৰি আন্দোলন চলাব বুলি সংবাদ মেলত প্ৰকাশ কৰে।
আজিৰ সংবাদ মেলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনব নাৰায়ণ দেৱ, দৰং জিলা সমিতিৰ সম্পাদক হিৰন্য ৰাজবংশী,সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ যুৱসংগঠনৰ সম্পাদক জয়ন্ত ডেকা লগতে আন আন বিষয় ববিয়া।