সোণোৱাল কছাৰী জনগোষ্ঠীৰ আপোচবিহীন সংগ্রামী নেতা, বিশিষ্ট সাংবাদিক, সচেতন লেখক, সদ্যপ্রয়াত ৰবীন শ‍ইকীয়াৰ সোঁৱৰণত চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা যুৱ সাংবাদিকতা বঁটা প্ৰথমবাৰলৈ খোৱাং নিবাসী ‘নিউজ-১৮' চেনেল আৰু ‘আমাৰ অসম' কাকতৰ সাংবাদিক ঋষেশ্বৰ বৰুৱালৈ আগবঢ়োৱা হৈছে । 

সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ মৰাণ, খোৱাং, বামুনবাৰী আৰু নাহৰণি আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ মন্দাকিনী হোটেল সভা কক্ষত অনুষ্ঠিত এই সভাতেই ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক  চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । সোনোৱাল কছাৰী ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক বুধিন সোনোৱালে আতঁ ধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক পৱিত্ৰ চুতীয়াৰ, চুতীয়া ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া ,   টাইপাৰ ডিব্ৰুগড় জিলা সভাপতি নিপন ফুকন ,সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰতন কছাৰী, বিশিষ্ট সাংবাদিক শোভিত কুমাৰ চেত্ৰী  ,সমাজকৰ্মী অসীম বৰুৱা, আটাছু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, প্ৰয়াত ৰবিন শইকীয়া সোনোৱালৰ সহধৰ্মিনী, আছু চৰাইদেউ জিলাৰ উপসভাপতি   ভাস্কৰ বৰুৱা, আছা কেন্দ্ৰীয় উপ-সভাপতি দেৱেন উৰাঙৰ লগতে বহুকেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে ।