অ' এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ আছু ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

নাজিৰা মুখ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ।

দেশৰ অগ্ৰণী মহাৰত্ন তৈল - গেছ ঔদ্যোগীক প্ৰতিষ্ঠান " তেল আৰু প্ৰাকৃতিক গেছ নিগম " (অ' এন জি চি ) ৰ অসম সম্পদৰ ভিতৰচ'ৰাত দীৰ্ঘদিন ধৰি গা কৰি উঠা অনা - অসমীয়া বহিৰাগত একাংশ বিষয়াৰ মইমতালিৰ ফলত প্ৰতিষ্ঠানটোৰ অসম বিৰোধী কাৰ্যকলাপৰ বিৰূদ্ধে বিভিন্ন দল - সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো কেৰেপ নকৰে এই অসম বিৰোধী চক্ৰ তথা নিগম কৰ্তৃপক্ষই। অ' এন জি চি কৰ্তৃপক্ষ অদ্যাপি নিজৰ থলুৱা বিৰোধী স্থিতিত অটল থকাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা । যাৰ পৰিপ্ৰেক্ষিতত অ' এন জি চি অসম সম্পদ কৰ্তৃপক্ষৰ বিৰুদ্ধে পুনৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ আজি নিগমৰ অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মূখত শ শ আছু কৰ্মীৰ উত্তাল প্ৰতিবাদত হতভম্ব হৈ পৰা পৰিলক্ষিত হয় নিগমৰ অসম সম্পদ কৰ্তৃপক্ষ ।