যোৱা ১১ জুন তাৰিখে দৰঙৰ ধূলা থানাত আৰতি তুৰি নামৰ নাবালিকা এগৰাকী কিশোৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি নিলম্বিত হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমহান ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰা আৰু ধূলা থানাৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা ।
SSB কৰ্মৰত কৃষ্ণ কমল বৰুৱাৰ ঘৰত বনকৰা হিচাবে আছিল পৰা ১২ বছৰীয়া নাবালিকা গৰাকী ।
বনকৰা ছোৱালী হিচাবে থকা ছোৱালী জনীৰ আত্মহত্যা ৰ কথাটো পৰিয়ালৰ লোকে মানি লব পৰা নাছিল । সেয়ে ১২ জুনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত ধূলা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।
পিছত পৰিয়াল, আদিবাসী ছাত্ৰ সন্থা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হেঁচাত অৱশেষত ১ জুলাইত আটক কৰে কৃষ্ণ কমল বৰুৱা আৰু তেখেতৰ পত্নীক ।
পৰিয়ালৰ অভিযোগ আছিল এইয়া আত্মহত্যা নহয় এইয়া ধৰ্ষণ কৰি পৰিকল্পিত হত্যাকাণ্ড আছিল ।
কালি মুখ্যমন্ত্ৰীযে লোৱা পদক্ষেপক আদৰণি জনায় আদিবাসী ছাত্র সংস্থাৰ তিহাৰো গৌড় আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মফিদুল ইছলামে ।