ৰহা ৰাইন ক্লাবৰ উদ্যোগত আৰু স্থানিয় যুবকসকলৰ সহযোগত যোবা ১১ আৰু ১২মেত দুদিনীয়া কাৰ্য্যসূচীৰে জিলা ভিওিক কেৰেম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলৈৰ খিতাপ অৰ্জন কৰে ৰহাৰ নিবিৰ দাস।

    নগাঁও জিলা ৰ বিভিন্ন প্ৰান্তৰ খেলবৈ সকলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত দ্বৈত কেৰেম প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন কৰে ৰহাৰ পংকজ দাস আৰু নিবিৰ দাসে আৰু উদগনিমুলক প্ৰতিযোগী ৰুপে হিচাপে সংগম দাস আৰু অভিজিত লিগিৰা।

    একক কেৰেম প্ৰতিযোগিতা ৰ বিজয়ী প্ৰতিযোগিৰ খিতাপ নগাঁও ৰ ৰাজীৱ আহমেদ আৰু উদগনিমুলক ৰুপে নগাঁও ৰ চাহিল আহমেদে বঁটা গ্ৰহন কৰাৰ লগতে শ্ৰেষ্ঠ খেলবৈৰ খিতাপ অৰ্জন কৰে ৰহাৰ নিবিৰ দাসে।

      প্ৰতিযোগীতাৰ বিচাৰক ৰূপে নগাঁও ৰ সংগম দাস আৰু অভিজিত লিগিৰা উপস্থিত থকাৰ লগতে প্ৰতিযোগিতাত অতিথি ৰূপে বিজপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাস উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে সু দিহা পৰামৰ্শ প্ৰদান কৰে।