ঢকুৱাখনাৰ বান্দেনাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক নৱকুমাৰ দলেই
ঢকুৱাখনা আৰু মাজুলীৰ ৰক্ষা কৱচ চিচি- টেকেলীফুটা মথাউৰিৰ প্ৰতি ব্ৰহ্মপুত্ৰ নদীয়ে দুটা সপ্তাহে বান্দেনাত সৃষ্টি কৰিছে প্ৰৱল খহনীয়া।
খহনীয়া প্ৰতিৰোধৰ বিভিন্ন আঁচনি কাম ৰূপায়ণ কৰিছিল যদিও উক্ত অংশত এতিয়াও অব্যাহত আছে খহনীয়া।নদীপৰীয়া ৰাইজৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা খহনীয়া আজি আবেলি পৰিদৰ্শন কৰে ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলেই।খহনীয়া বিভিন্ন অংশত তন্নতন্নকৈ পৰিদৰ্শন কৰি তেখেতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।লগতে ইয়াৰ ওপৰত বিভিন্ন উদ্দেশ্য প্ৰণিত প্ৰচাৰত ভুল নাযাবলৈ ঢকুৱাখনাবাসীক আহ্বান জনায়।
তেখেতৰ সৈতে সংগ দিয়ে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু,অগপৰ নেতৃত্ব, জনতা পাৰ্টীৰ নেতৃত্বৰ লগতে বিভিন্ন দল সংগঠনৰ লোক।