স্বাধীনতা ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশে 'আজাদি কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে ঢকুৱাখনা এটা পথে জ্বলা কলা খুৱাইছে।
ঢকুৱাখনা খজুৱা তিনিয়ালিৰ পৰা বাসুদেৱ থান হৈ মৰনৈ বেবেজীয়া সংযোগী পথটোৰ যতে ততে প্ৰকাণ্ড প্রকাণ্ড গাত সৃষ্টি হৈ এজাক বৰষুণতে পথ নহৈ পুখুৰী সদৃশ পৰিবেশ সৃষ্টি হৈছে।
এই পথেদি ঢকুৱাখনা বাসুদেৱ থানলৈ , বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব লাগে কিন্তু পথটো এনে দুৰাৱস্থা বাবে আধাঘন্টা বাট অতিক্ৰম কৰোঁতে সময় লাগে এক ডেৰ ঘন্টা ।
এই ক্ষেত্ৰত ঢকুৱাখনা বিধায়ক নৱ দলেৰ নিৰ্লিপ্ততাই চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক।