শিৱসাগৰঃ  শিৱসাগৰ জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত সোমবাৰে কেঁচুসাৰ প্ৰস্তুতকৰণ সম্পৰ্কীয় এখন ৰাজ্যিক পৰ্যায়ৰ গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হৈ যায় । পুৱা ৯ বজাত বৃক্ষৰোপণৰ পাছতেই গড়গাঁও মহাবিদ্যালয়ৰ ইক' ক্লাবৰ সমন্বয়ক তথা অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰিমঝিম বৰাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ৷ উক্ত কৰ্মশালাত জিলাখনৰ ১১ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ তত্বাৱধায়ক শিক্ষকসহ ১০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও কৰ্মশালাখনিত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, কৰ্মশালাত ইক' ক্লাবৰ সমন্বয়ক ড০ ৰিমঝিম বৰাই "Environment education programme and life mission" শীৰ্ষক বিষয়ত গৱেষণা পত্ৰৰ বিস্তৃত বৰ্ণনা আগবঢ়ায় ৷ আনহাতে একেটা অনুষ্ঠানতেই মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ নাজৰিন পাৰবিন আলীৰ সম্পাদিত গৱেষণা গ্ৰন্থ উন্মোচন কৰে অধ্যক্ষ ড০ সব্যসাচী মহন্তই ৷ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰহদৈ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ অৰুন্ধতী বৰদলৈয়ে কেনেদৰে কেঁচুসাৰ প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক বিস্তৃতভাৱে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে । গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° বিদ্যানন্দ বৰকাকতীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কৰ্মশালাখনিৰ অন্তত পঞ্জীভুক্ত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।৷