ঢকুৱাখনাত অৱসৰপ্ৰাপ্ত শিক্ষক,শিল্পী অমিয়কুমাৰ পেগুৰ প্ৰতিমূৰ্তি উন্মোচন

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

ঢকুৱাখনাৰ পৰা ঘনকান্ত দলেৰ প্ৰতিবেদন:-

  লুইতৰ পাৰৰ চিত্ৰশিল্পী,কৌতুক অভিনতা, গীতিকাৰ- সুৰকাৰ,অৱসৰপ্ৰাপ্ত শিক্ষক অমিয়কুমাৰ পেগুৰ স্মৃতি সংৰক্ষণ তথা যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যৰে মংগলবাৰে আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি তেখেতৰ জন্মস্থান ঢকুৱাখনা উপ-জিলাৰ খেৰকটামুখ অঞ্চলৰ একৰীয়া গাঁৱত উন্মোচন কৰা হয় প্ৰতিমূৰ্তি৷

      শিল্পী তথা শিক্ষকগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে জ্যেষ্ঠ নাগৰিক তথা খেৰকটামুখ কনেং হাইস্কুলৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুটুমে৷তেখেতে বক্তব্য ৰাখি কয় যে ইয়াৰ উপৰিও বৃহত্তৰ খেৰকটামুখ অঞ্চলত তেখেতৰ স্মৃতিত গ্ৰন্থ, স্মৃতি উদ্যান, তেখেতৰ লিখাসমূহ সংৰক্ষণৰ ব্যৱস্থা হাতত ল’বলৈ পত্নী, তিনি পুত্ৰ লহৰজ্যোতি পেগু,বিকাশ পেগু, ডেনী পেগুৰ লগতে জী-জোৱাইসহ পৰিয়ালবৰ্গক অনুৰোধ জনায়৷ ইয়াৰ উপৰিও দুপৰীয়া ভাগত খেৰকটামুখ জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়৷অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰকুমাৰ দলে সভাপতিত্বত অনুষ্ঠিত হোৱা সভা ভালে সংখ্যক ব্যক্তিয়ে উপস্থিত থাকি মন্তব্য আগবঢ়ায় । পেগুৰ স্মৃতি ৰোমন্থন কৰি তেখেতৰ বন্ধু-বান্ধৱী কেইবাগৰাকীয়েও গীত পৰিবেশন কৰে৷শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ইন্দ্ৰ কুমাৰ পেগু,সুভাষ দলে, দেবেন পেগু,সুভৰাম লাগাছু লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি।