এইবাৰ জনতা নহয়, খোদ জনপ্ৰতিনিধিয়ে ভংগ কৰিলে ট্ৰেফিক আইন। মূৰত হেলমেট পৰিধান নকৰাকৈ ৰাজপথত বাইক চলালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে যান-বাহন আৰক্ষীয়ে কঠোৰ হৈ থকাৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত যান-বাহন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি এক বাইক ৰে'লী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গ'ল বিজেপি বিধায়কগৰাকীক।
আচলতে আজি ডিব্ৰুগড় জিলা বিজেপি যুৱ মৰ্চাই ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনোৱা আহ্বানক সঁহাৰি জনাই সজাগতাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল এই বাইক ৰে'লীৰ। কিন্তু বাইক ৰে'লীত অংশগ্ৰহণ কৰা বিধায়ক প্ৰশান্ত ফুকনৰ মূৰত নাছিল হেলমেট। ইয়াকে লৈ এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে সাধাৰণ জনতাই আইন ভংগ কৰিলে জৰিমনা আদায় কৰিবলৈকো কুন্ঠাবোধ নকৰা ট্ৰেফিক আৰক্ষীয়ে এইক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভূমিকা লোৱা দেখা গ'ল।