শিৱসাগৰঃ শিৱসাগৰ নগৰত বলিষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়াক চিত্ৰ-ভাস্কৰ্য্য শিল্পী ব্ৰজেন কাকতি সোঁৱৰণী “সমন্বয় শিল্পী বঁটা-২০২৪” প্ৰদান ৷ শিৱসাগৰ দ’লপথত "১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱৰ সফল সামৰণি ৷ শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত, “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”, কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যুৱ সাংবাদিক সন্থা-অসম, শিৱসাগৰ জিলা সমিতি তথা জিলাবাসী ৰাইজৰ সহযোগত শিৱসাগৰ নগৰৰ দ’লপথৰ বৰাট জুয়েলাৰীৰ সন্মুখত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো যোৱা ০৭ বহাগ, (ইং ২০ এপ্ৰিল) শনিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে "১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ" অনুষ্ঠিত হৈ যায় ৷ বহাগী উৎসৱৰ লগত সংগতি ৰাখি জিলা ভিত্তিত বিহুনাচ, ঢোলবাদন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পুৱাৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ পতাকা আৰু উদ্‌যাপন সমিতিৰ বিহুৱান উত্তোলন কৰে ক্ৰমে গোষ্ঠীৰ সভাপতি জিতেন কাকতি আৰু উদ্‌যাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি পংকজ বৰাই ৷ আনহাতে স্মৃতি তৰ্পণ কৰে উদ্‌যাপন সমিতিৰ সম্পাদক সমীৰ দত্তই ৷ প্ৰতিযোগিতাৰ ফলাফলসমূহ এনেধৰণৰ---বিহুনাচ প্ৰতিযোগিতাৰ (ক)শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে প্ৰতিক্ষা ৰাণী বৰা, প্ৰিয়াংশী গগৈ আৰু শৰ্মিষ্ঠা গগৈয়ে ৷ আনহাতে (খ) শাখাৰ প্ৰথম/দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে শিৱাংগী বৰগোহাঁই, হৰ্ষিতা পাৰ্লি কোঁৱৰ আৰু ৰিমঝিম গগৈয়ে ৷ ঢোলবাদন প্ৰতিযোগিতাৰ (ক) শাখাৰ প্ৰথম-দ্বিতীয় আৰু তৃতীয় বিজয়ী প্ৰতিযোগী ক্ৰমে--মঙ্গোলিনা বৰগোহাঁই, ধৃতিমান কোঁৱৰ আৰু চিন্ময় শংকৰ হাজৰিকা ৷ আনহাতে ঢোলবাদন প্ৰতিযোগিতাৰ (খ) শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে প্ৰাচুৰ্য্য কুমুদ দিহিঙ্গীয়া, বিনয় ভূষণ নেওগ আৰু সুমন গগৈয়ে ৷ বহাগী উৎসৱ উপলক্ষে আমন্ত্ৰিত জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, মিলিজুলি জ্যেষ্ঠ হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন, সৃষ্টিশীল নৃত্য প্ৰদৰ্শন, জেং বিহু আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ৷ লগতে ইতিহাসৰ পদধ্বনি শীৰ্ষক সংগীতালেখ্য অনুষ্ঠানো অনুষ্ঠিত হয় ৷ তাৰ পিছতেই বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ উপস্থিতিত স্মৃতিগ্ৰন্থ “সমন্বয়”(ষষ্ঠ) সংখ্যা উন্মোচন কৰে গড়গাঁও কলেজৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° বিদ্যানন্দ বৰকাকতীয়ে ৷ উল্লেখযোগ্য যে, একেখন মঞ্চতেই অসমৰ বোলছবি জগতৰ বলিষ্ঠ অভিনেতা, সাংস্কৃতিক সংগঠক প্ৰাঞ্জল শইকীয়াক চিত্ৰ-ভাস্কৰ্য্য শিল্পী ব্ৰজেন কাকতি সোঁৱৰণী “সমন্বয় শিল্পী বঁটা-২০২৪” প্ৰদান কৰা হয় ৷ আনহাতে গড়গাঁও কলেজৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা ড° ৰিমঝিম বৰাক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ লগতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বাৰেৰহণীয়া সাংস্কৃতিক সন্ধ্যা “সমন্বয়ৰ এনিশা” উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই ৷ সমন্বয়ৰ এনিশাত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময় অনুৰাগে ৷ চিন্ময় অনুৰাগৰ কণ্ঠই সকলোকে আপ্লুত কৰি তোলে ৷ সমগ্ৰ অনুষ্ঠান পৰিচালনা কৰে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মা আৰু উদ্‌যাপন সমিতিৰ সম্পাদক সমীৰ দত্তই ৷