আজিৰ ব্যস্ততা পূৰ্ন জীৱনত নিজৰ শৰীৰ   শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ হলে যোগ প্ৰনায়ামৰ লগতে শৰীৰ চৰ্চা কৰা বহু প্ৰয়োজনীয় হৈ পৰিছে।সেইয়ে ২০১৯চনত ৰহা ভাটিগাঁওত স্থাপিত হৈছিল Spartan Gym.২০১৯চনৰ পৰা Spartan Gymৰ দ্বাৰা শতাধিক যুবক যুৱতীক শৰীৰ চৰ্চা ৰ লগতে ফিটনেচৰ বাবে বিভিন্ন প্ৰশিক্ষণ দি অহাৰ সমান্তৰালকৈ প্ৰশিক্ষণ লৈ থকা যুবক যুৱতী ৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ সমান্তৰালকৈ আজি Spartan Gym ত পূবা বন্তি প্ৰজ্বলন আৰু মৈান প্ৰাৰ্থনাৰে Spartan gym ৰ উদ্যোগত ফিটনেচ চেলেঞ্জ ২০২৪ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

      কংকন বৰুৱাৰ পৰিচালনত অনুষ্ঠিত হোবা প্ৰতিযোগিতাত জীমৰ প্ৰায় ৭০জন যুবক যুৱতী ৰ মাজত মহিলা আৰু পুৰুষ দুটা শাখাত pullup,pushup,deadlift আৰু Squat সহ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আৰু অংশ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থী সকলেও নিজৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰে।

         লগতে বিচাৰকৰ দ্বাৰা ঘোষণা কৰা বিজয়ী প্ৰতিযোগি সকলক এখন এখন ট্ৰোফি প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

    প্ৰতিযোগিতাত জীমৰ স্বতাধিকাৰী সুৰুজ হাজৰিকা, অতিথি ৰুপে ভাস্কৰ নাথ,শিক্ষক তথা শিল্পী ইন্দ্ৰমোহন দাস আৰু বিচাৰকৰ ৰুপে পল্লব জ্যোতি বৰা,পিংকু দাস,যুবমনি হাজৰিকা, প্ৰাঞ্জল গাঁওখোবা,অমিত কৰ্মকাৰ উপস্থিত থকাৰ লগতে শতাধিক যুবক যুৱতী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।