ৰহা আঞ্চলিক ৪৩তম্ বহাগী মেলাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ১৯এপ্ৰিলত পতাকা উওোলনেৰে তিনি দিনীয়া বহাগী মেলাৰ শুভাৰম্ভ কৰা হব।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক সভাপতি আৰু মুকুট ডেকা(ধৰ্মেন্দ্ৰ)ক সম্পাদক হিচাপে লৈ এখন শক্তিশালী ৪৩ তম্ বাৰ্ষিক ৰহা আঞ্চলিক বহাগী মেলা উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
৪৩তম্ ৰহা আঞ্চলিক বহাগী মেলা উদযাপন সমিতিয়ে জানিব দিয়া অনুসৰি ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাঙ্গণত ১৯এপ্ৰিলত পূবা ৯বজাত বহাগী মেলা সভাপতি তথা ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে পতাকা উওোলন কৰি তিনি দিনীয়া বহাগী মেলাৰ শুভাৰম্ভ কৰাৰ লগতে ৯.৩০বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছত খেল ধেমালি প্ৰতিযোগিতা আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে সন্ধ্যা ৫বজাৰ পৰা স্থানীয় শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান লগতে আমন্ত্ৰিত শিল্পী বাপুজী কোঁৱৰ আৰু চুমি শৰ্মা গীতৰ শৰাই।
৩০এপ্ৰিলত সন্ধ্যা ৬বজাত দলীয় বিহু প্ৰতিযোগিতাৰ উদ্বোধন কৰিব ড° বেদ কুমাৰ চলিহা।প্ৰতিযোগিতাৰ বিজয়ী দলক প্ৰথম পুৰস্কাৰ নগদ ২৫০০১টকা ৰ লগতে বিজয়ী দলৰ প্ৰতিগৰাকী নাচনীলৈ এটি ধনৰ টোপোলা আৰু প্ৰতিজন বিহুবা ডেকালৈ এযোৰকৈ বিহুৰ পোছাক প্ৰদান কৰি পুৰস্কৃত কৰাৰ লগতে ২য় পুৰস্কাৰ নগদ ২৩০০১টকা ৩য় পুৰস্কাৰ ১৩০০১টকা আৰু শ্ৰেষ্ঠ ঢুলিয়াক নগদ ৩০০১টকা,শ্ৰেষ্ঠ পেপাঁবাদকক নগদ ৩০০১টকা আৰু শ্ৰেষ্ঠ বিহুবাক নগদ ৩০০১টকা প্ৰদান কৰি পুৰস্কৃত কৰা হব।লগতে ৰাইজৰ দ্বাৰা উচ্চ প্ৰশংসিত মুকলি বিহু দললৈ ১ম পুৰস্কাৰ নগদ ৭০০১টকা,২য় পুৰস্কাৰ নগদ ৫০০১টকা প্ৰদান কৰি পুৰস্কৃত কৰা হব।
নিশা ১০বজাত সদৌ অসম ভিওিত বিহু নাচনি প্ৰতিযোগিতা অনুষ্ঠিত হব।বিহু নাচনি প্ৰতিযোগিতাৰ ১ম বিজয়ী দলক সাধনী দাস স্মৃতি বঁটা আৰু নগদ ২৫০০১টকা,২য় পুৰস্কাৰ তৰুন চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত নগদ ১৫০০১ টকা আৰু ৩য় পুৰস্কাৰ সূৰ্যকান্ত গাঁওখোবাৰ সোঁবৰনত নগদ ১৩০০১টকা ৰ লগতে নগদ ধনৰ টোপোলা, হাতঘডী আৰু অসমীয়া গহনাৰ চেট প্ৰদান কৰি পুৰস্কৃত কৰা হব।
বহাগী মেলাৰ ৩য় তথা অন্তিম দিন ১মেত পূবা ১০বজাত সভাৰাম ভূঞাৰ সোঁৱৰণত জিলা ভিওিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব।
সন্ধ্যা ৮বজাত বঁটা বিতৰন অনুষ্ঠান ৰ পাছত নিশা ৯.৩০বজাৰ পৰা ডিম্বেশ্বৰ দাস সোঁৱৰণী বহাগী নিশা ৰ উদ্বোধন কৰিব ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা।বহাগী নিশাৰ মুখ্য আকৰ্ষণ দীপান্বিতা ডেকা আৰু সংগীবৃন্দৰ গীতৰ শৰাই।