কেৰালাৰ ৰাজ্যপাল মহম্মদ খানে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ উদ্ধৃতি দি কয় যে সভ্যমানৱ জীৱনৰ বাবে কৰুণাৰ ভাৱ অন্তৰত জন্মোৱা উচিত আৰু নাৰীয়ে কৰুণা স্বভাৱজাত ভাৱেই আহৰণ কৰিছে। শক্তি আৰু কৰুণাৰ সংমিশ্ৰণৰ উদাহৰণ দিবলৈ তেখেতে মহাভাৰতৰ অন্যতম দুই শক্তিশালী নাৰী চৰিত্ৰ কুন্তী আৰু দ্ৰোপদীৰ উদাহৰণ দাঙি ধৰে।

ভাৰতীয় সভ্যতাই ত্যাগৰ সংস্কৃতিত বিশ্বাস কৰে। এই ত্যাগ আত্মোপলব্ধিৰ পৰা উৎপন্ন হোৱা। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এক বক্তব্য সন্দৰ্ভত বাখ্যা কৰি তেখেতে কয় যে ভাৰত ৰাষ্ট্ৰৰ অস্তিত্ব কোনো ভৌতিক বস্তুত নাই, ই আছে চিন্তা আৰু মনোজগতত।প্ৰফেটত থকা ভাৰত বন্দনাৰ কথাও ৰাজ্যপাল গৰাকীয়ে নিজা বক্তব্যত উল্লেখ কৰে। পৃথিৱীৰ বিভিন্ন দেশ যেনে ইৰান বৈভৱৰ বাবে, চীন কৌশলৰ বাবে, ৰোম সৌন্দৰ্যৰ বাবে, তুৰ্কী শক্তিৰ বাবে প্ৰসিদ্ধ। কিন্তু ভাৰতেই এক মাত্ৰ দেশ যি জ্ঞান আৰু প্ৰজ্ঞাৰ সংবৰ্ধনৰ বাবে প্ৰসিদ্ধ।

সাৰ্বভৌমত্ব ভাৰতৰ বাবে কেৱল সংবিধান প্ৰদত্ত নহয়। ভাৰত স্বভাৱগত ভাৱেই ইতিহাসৰো পূৰ্বৰ পৰাই এখন সাৰ্বভৌম ৰাষ্ট্ৰ। তেখেতে লগতে কয় যে শক্তিমন্ত এখন ভাৰত কাৰো শংকাৰ কাৰণ নহয়। ভাৰতে কাৰো সৈতে উপযাচি শত্ৰুতা নকৰে কিন্তু ভাৰতে আক্ৰমণকাৰী শক্তিক প্ৰশ্ৰয়ো নিদিয়ে। ভাৰতৰ সাম্যবাদী সংস্কৃতি ৫০০০ বছৰ পুৰণি। কিন্তু আমাৰ মূল্যবোধ আৰু আদৰ্শক আক্ৰমণ কৰিলে তাক ৰক্ষাৰ বাবে বীৰৰ ভূমিকাৰে অৱতীৰ্ণ হ'বলৈও ভাৰতে শংকা নকৰে।

আমাৰ কোমল শক্তিক আঘাত কৰিলে কঠিন শক্তিৰে তাক প্ৰতিৰোধ কৰিব লাগিব বুলিও তেখেতে মন্তব্য কৰে। ভাৰত পুৰাতন যদিও নিত্য নতুন আৰু প্ৰাচীন ভাৰত, প্ৰাচীনতা আৰু নিয়ম অনুসাৰে এইবোৰ পালন কৰাৰ ক্ষমতা ভাৰতবাসীৰ আছে বুলিও তেখেতে বক্তব্যত উল্লেখ কৰে।