কলাইগাওত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৩৫ নং মুদৈবৰী ব্লক ইউ পি পি এলৰ বিশাল বাইক ৰেলী ।

## বন্দেমাতৰম, ভাৰত মাতা কী জয় শ্লোগানেৰে আজি ভেৰগাও জিলা ৩৫ নং মুদৈবৰী ব্লক ইউ পি পি এল দলে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে উলিয়াই এক বিশাল বাইক ৰেলী। উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা বীৰ বীৰাঙ্গনাৰ শ্বহীদৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ বাবে বাইক ৰেলীত অংশ গ্ৰহণ কৰা ইউ পি পি এল দলৰ নেতা কৰ্মী সকলে এক মিনিট সময় মৌন প্ৰাথনা কৰে। উক্ত মহোৎসৱ উপলক্ষে ভাৰত স্বাধীনতাৰ ৭৫ বছৰ আজাদী কা অমৃত মহোৎসৱৰ বক্তব্য আগবঢ়ায় ৩৫ নং মুদৈবৰী ব্লকৰ সভাপতি পবিত্ৰ বছুমতাৰী, প্ৰশাসনিক সম্পাদক জগত ডেকাই । আজি ৩৫ নং মুদৈবৰী কলাই গাঁও ব্লক ইউ পি পি এলৰ কাৰ্যালয়ৰ পৰা বালিপৰা,চেঙাপথাৰ, গেৰুৱা, ২ নং শিংৰামাৰী, নিজ কলাই গাঁও হৈ মুদৈবৰী ভকত পাৰাত বাইক ৰেলিৰ সামৰনি মাৰি এখন আনুষ্ঠানিক সভাত মিলিত হয় । উক্ত ৰেলীত ৩৫ নং মুদৈবৰীৰ অন্তৰ্গত ৯ টা প্ৰাইমাৰীয়ে অংশ গ্ৰহণ কৰে। উক্ত মহোৎসৱ সন্দৰ্ভত বিটি আৰ অসম আৰু ভাৰতবাসীক সম্বোধন জনাই কেন্দ্ৰীয় ইউ পি পি এলৰ যুৱ মৰ্চাৰ সাংগঠনিক সম্পাদক মৃকেন স্বৰ্গীয়াৰীক।