শিৱসাগৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিছে অসম সন্তান ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসম সন্তান Tokjir Kathaar Doley ৷ মুম্বাই মহানগৰীত Colors TV দ্বাৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হৈ থকা বলিউদৰ সুনীল শেট্টী আৰু মাধুৰী দিক্ষীতে পৰিচালনা কৰা জনপ্ৰিয় ৰিয়েলিটী শ্ব' "Dance Deewane Season 4" ত অসম সন্তান কণমানি মৰমলগা ৭ বছৰীয়া Tokjir ৰে ভাগ লৈ মনমুগ্ধ নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমী মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত কৰিবৰ বাবে আপোনাৰ ম’বাইলত Play Store গৈ Jio Cinema App download কৰি অহা ইং ২৩ মাৰ্চ শনিবাৰ নিশা ৯-৩০ বজাৰ পৰা ২৪ মাৰ্চ দেওবাৰ ৰাতিপুৱা ৯-৩০ বজালৈ Tokjir ক ভোট দিবলৈ টকজিৰৰ লগতে পৰিয়ালবৰ্গই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে ৷ উল্লেখ যে, শিৱসাগৰ নগৰত টকজিৰৰ সমৰ্থনত আজি এক সজাগতা ৰেলীও বাহিৰ কৰা হয় ৷ আনহাতে “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম” কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াই সংবাদ মাধ্যমৰ যোগেদি শিশু শিল্পী টকজিৰক শুভকামনা জ্ঞাপন কৰাৰ লগতে কণমানিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷