স্বাধীনতা দিৱসক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱসৰ বিভিন্ন কায্যসূচীৰ অনুশীলন অৱ্যাহত থকাৰ মাজতে দেৰগাঁৱতো আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম আৰক্ষীৰ জোৱান অনুশীলনত ব্যস্ত হৈ পৰিছে। শেহতিয়াকৈ কেইবাদিনো ধৰি অনুশীলন অৱ্যাহত ৰখা অসম আৰক্ষীৰ মহিলা জোৱান সহ বৃহৎ দলে প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মুল পেৰেড গ্ৰাউণ্ডত চলাইছে দু:সাহসিক ক্ৰীড়াৰ কঠোৰ অনুশীলন। ASSAM POLICEৰ PANTHERS ON WHEELS দলটোৰ দু:সাহসিক ক্ৰীড়াৰ দিশতো অসম আৰক্ষীৰ এক উল্লেখ্যযোগ্য বিষয়।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
অসম আৰক্ষীৰ বৰ্তমানৰ ইষ্টান ৰেঞ্জৰ ডি আই জি সত্যৰাজ হাজৰূকাৰ বিশেষ তৎপৰতাত আৰম্ভ হোৱা এই দলটোক এইবাৰ বিশেষভাৱে উৎসাহ প্ৰদান কৰিছে দেৰগাঁৱৰ বেটেলিয়ন টেইনিং চেন্টাৰৰ অধিনায়ক নিৰ্মল বৈশ্যই। অসম আৰক্ষীৰ এই দলটোৰ দু:সাহসিক ক্ৰীড়াৰ দৃশ্য সমুহ ভালকৈ মন কৰিলে আপোনাৰো ভয় লাগিব। বুলেট চলাই কিমান সাহসিকতাৰে জাতীয় পতাকাক সন্মান কৰি সন্মুখলৈ আগবাঢ়িছে সেইয়া এই দৃশ্যত প্ৰকাশ হৈছে। একো একোখন মটৰ চাইকেলৰ ওপৰতে সকলো সম্ভৱ কৰি তুলিছে অসম আৰক্ষীৰ জোৱান সকলে। দু:সাহসিক ক্ৰীড়া প্ৰৰ্দশনৰ ক্ষেত্ৰত মহিলা জোৱানেও তেওলোকৰ প্ৰতিভা সুন্দৰৰূপত দাঙি ধৰিছে। এক এক বিশেষ দৃশ্য, চাৰি/পাচ খন বুলেটৰ ওপৰত যথেষ্ট সংখ্যক জোৱানে প্ৰৰ্দশন কৰিছে নানা ক্ৰীড়া শৈলী। দেৰগাঁৱত জোৱান সকলে অনুশীলন চলোৱা এই দু:সাহসিক ক্ৰীড়া গুৱাহাটীৰ খানাপাৰাত স্বাধীনতা দিৱসৰ কায্যসূচীত প্ৰৰ্দশন কৰা হ'ব।