ৰঙিয়াৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ত আজি পবিত্ৰ ৰাখী বন্ধন উৎসব পালন কৰা হয়। ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ৰ একাংশ মহিলাই ৰাখী পিন্ধালে বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাক । বিদ্যালয়খনত ৰাখীবন্ধন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত ভৱেশ কলিতাই ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখীবন্ধনৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে । ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এই পবিত্ৰ উৎসৱ সনাতন সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বুলি কয় ভৱেশ কলিতাই ।