শিৱসাগৰঃ ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যখনত অহা মাৰ্চ মাহত আসন্ন লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে এক আদেশযোগে জিলাখনৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ-শস্ত্ৰৰ গৰাকীক তেখেতসকলৰ অস্ত্ৰ-শস্ত্ৰসমূহ তাৎক্ষণিকভাৱে নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিছে ৷ এই নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ আইন-১৯৫৯ অনুসৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ অৱশ্যে সশস্ত্ৰ বাহিনী, আৰক্ষী অথবা যিকোনো জৰুৰীসেৱাৰ ক্ষেত্ৰত নিয়োজিত ব্যক্তিসকল এই আদেশৰ আওতাৰ বাহিৰত থাকিব ৷ উল্লেখ্য যে, নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত নিৰ্ধাৰিত সময়ৰ অন্তত জমা লোৱা অস্ত্ৰ-শস্ত্ৰসমূহ সংশ্লিষ্ট গৰাকীসকলক ঘূৰাই দিয়া হ'ব ৷