শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে পুৱাৰ পৰা অনুষ্ঠিত হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলন জিলা সমিতিৰ উদ্যোগত প্ৰীতি সমাৰোহ উদ্‌যাপিত হয়। এই সমাৰোহত কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, নাগৰিক সন্মিলনৰ শীৰ্ষগীত পৰিবেশন, স্মৃতি তৰ্পণ, দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত বিভিন্ন খেল ধেমালী প্ৰতিযোগিতা , অনুষ্ঠিত হয়। সত্তৰ , আশীৰ উৰ্ধৰ ব্যক্তিৰ খৰকৈ খোজ কঢ়াৰ প্ৰতিযোগিতা, ৰছীটনা প্ৰতিযোগিতা, আদি বিভিন্ন প্ৰতিযোগিতা এই প্ৰীতি সমাৰোহত অনুষ্ঠিত হয়। অসম জেষ্ঠ নাগৰিক সন্মিলন ৰ ৰাজ্যিক নেতৃত্ব আৰু জিলা সমিতিৰ নেতৃত্বৰ লগতে শাখা সমুহৰ পৰা আহিছে পুৰুষ, মহিলা সহ বিভিন্নজন ।জিলাখনৰ প্ৰায় শতাধিক ব্যক্তিৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ ভাৱে ৰূপায়িত হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলন সমাৰোহ খনি। এই অসম জ্যেষ্ঠ নাগৰিক সন্মিলন অনুষ্ঠানটি দুহেজাৰ তেৰ চনত গঠন কৰাহয়। শিৱসাগৰ জিলাৰ বিভিন্ন শাখাসমুহ ক্ৰমে নাজিৰা, মৰাণ, কালুগাওঁ, শিৱসাগৰ, জয়সাগৰ ,শলগুৰি, গড়গাওঁ, ৰাজগড়, বাখৰ বেঙেনা, ডিমৌ, কোৱৰপুৰ আদিৰ পৰা সদস্য সকল আহি যোগদান কৰেহি।।