শিৱসাগৰঃ শিৱসাগৰত আন্তজাৰ্তিক যোগ দিৱস উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে অহা ২১ জুন তাৰিখে শিৱসাগৰ জিলাতো "আন্তৰ্জাতিক যোগ দিৱস" উদ্‌যাপন কৰা হ'ব। শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত "আন্তৰ্জাতিক যোগ দিৱস" উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠক অলপতে অনুষ্ঠিত হৈ যায় ৷ বৈঠকত জিলা আয়ুক্তগৰাকীয়ে "আন্তৰ্জাতিক যোগ দিৱস"ৰ জিলাভিত্তিক কাৰ্যসূচী এইবাৰ ঐতিহাসিক ৰংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰে। জিলাখনৰ বিশিষ্ট যোগ প্ৰশিক্ষক, যোগ ক্লাব আৰু যোগ কেন্দ্ৰসমূহৰ প্ৰশিক্ষকসকলে এই অনুষ্ঠানত যোগ প্ৰদৰ্শন, যোগ প্ৰশিক্ষণ আৰু সাধাৰণ যোগ প্ৰট'কল (Common Yoga Protocol) কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰিব বুলিও তেওঁ বিশেষভাৱে অৱগত কৰে। জিলা আয়ুক্তগৰাকীয়ে পুৱা ৬ বজাৰ পৰা আৰম্ভ হ'বলগীয়া জিলাভিত্তিক "আন্তৰ্জাতিক যোগ দিৱস"ৰ সমূহ কাৰ্যসূচীত জিলাবাসীৰ বিপুল সঁহাৰি আৰু অংশগ্ৰহণ সংবাদ মাধ্যমৰ যোগেদি আন্তৰিকতাৰে কামনা কৰিছে ৷ উল্লেখ্য যে, "আন্তৰ্জাতিক যোগ দিৱস"ৰ জিলাভিত্তিক কাৰ্যসূচীৰ প্রাকক্ষণত ১৬ জুনত স্থানীয় শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা যুটীয়া সঞ্চালক স্বাস্থ্যসেৱা কাৰ্যালয়, জিলা ন'ডেল বিষয়াৰ কাৰ্যালয় (আয়ুস), শিৱসাগৰ আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত শিৱসাগৰ জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। মুঠ চাৰিটা শাখাত পুৰুষ মহিলা উভয়েই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ১০ বছৰ বয়সৰ উৰ্ধৰ প্ৰতিযোগীয়ে ''ক" শাখাত, ১০ ৰ পৰা ১৮ বছৰ বয়সৰ প্ৰতিযোগীয়ে "খ" শাখাত, ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ প্ৰতিযোগীয়ে "গ" শাখাত আৰু ৩৫ বছৰ বয়সৰ উৰ্ধৰ প্ৰতিযোগীয়ে ''ঘ" শাখাত অংশগ্ৰহণ কৰিব পাৰিব। "ক" আৰু "খ" শাখাৰ প্ৰতিযোগিতাসমূহ জিলাখনৰ শিক্ষা বিভাগে আৰু "গ" আৰু "ঘ" শাখাৰ প্ৰতিযোগিতাসমূহ জিলা ক্রীড়া বিভাগে পৰিচালনা কৰিব। যোগাসন প্ৰতিযোগিতা কাৰ্যসূচী পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব। উক্ত বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত দ্যোতিভা বৰা, সহকাৰী আয়ুক্ত কংকনা শইকীয়া প্ৰমুখ্যে যোগ প্ৰশিক্ষক তথা বিশেষজ্ঞসকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।