১৭জানুবাৰী শিল্পী দিৱসত সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা চাপৰমুখতো সুন্দৰৰ পূজাৰী, তিনি কালৰ শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

    বুধবাৰে শিল্পী দিৱস উপলক্ষে অসমীয়া গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী ৰ যোবা ৭বছৰৰ ধৰি চহা শিল্পী সকলক ডুগডুগী শিল্পী বঁটা প্ৰদান কৰি অহাৰ ক্ৰমত এই বৰ্ষও এই ধাৰা অব্যাহত ৰাখি ডুগডুগী ৰ স্বতাধিকাৰী তথা সমাজকৰ্মী,লেখক,কবি উৎপল বনিয়াই শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক, শিশুপ্ৰিয়,লেখক,চিত্ৰশিল্পী, সাহিত্যিক,প্ৰকৃতিপ্ৰেমী কাৰ্টুনিষ্ট অবনী কুমাৰ শইকিয়া,নগাঁও হুজ বকুলতলৰ সাংস্কৃতিবান ব্যক্তি সাংস্কৃতিৰ নিৰব সাধক তথা বিশিষ্ট সংগীত শিল্পী বুলু বৰা,জৰাবাৰী বাকৰি গাঁৱৰ বাঢৈ শিল্পী চেনিৰাম নাথ,ননৈ চকৰিগাঁওৰ চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী ভদ্ৰেশ্বৰ দাস,ৰহা দিঘলদৰীৰ বিশিষ্ট ভাস্কৰ্য্য শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথ,আমচৈ চহৰি কেঁকোৰা গাঁৱৰ বৈদ্য ওস্তাদ বৈদ্যনাথ বড়ো সহ ৬গৰাকী চহা শিল্পীৰ ঘৰে ঘৰে গৈ ডুগডুগী শিল্পী বঁটা ২০২৪প্ৰদান কৰাৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাই আশীৰ্বাদ লয়।

    বঁটাত এখন এখন ফুলাম গামোচা,চেলেং,জাপি,সম্বৰ্ধনা পত্ৰ,মোমেন্টো,দুখন গ্ৰন্থ, গছপুলি আৰু নববৰ্ষৰ কেলেণ্ডাৰ প্ৰদান কৰা হয়।

যুব সাহিত্যিক লক্ষ্য জ্যোতি বৰাই আঁত ধৰা বঁটা প্ৰদানত উপস্থিত কেইবাজন সাংবাদিকক এখন এখন ফুলাম গামোচা আৰু নৱবৰ্ষ কেলেণ্ডাৰ প্ৰদান কৰি সম্বৰ্ধনা জনাই ভোগালী বিহুৰ শুভেচ্ছা জনাই।