বুধবাৰে মৰাণৰ ৰাজপথত ন-দিনীয়া শতচণ্ডী মহাযজ্ঞৰ উপলক্ষে কামাখ্যাৰ জ্যোতিশাখাৰ সৈতে বিশাল কলহ যাত্ৰাত শতাধিক পুৰুষ মহিলাই এই আকৰ্ষনীয় ধৰ্মীয় শোভাযাত্ৰাত অংশ গ্ৰহন কৰে। শ্ৰী শ্ৰী সাৰ্বজনীন দৰ্গাপূজা সমিতিৰ উদ্যোগত ১৭জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে শতচণ্ডী মহাযজ্ঞৰ আয়োজন কৰা।হৈছে। কামাখ্যাৰ জ্যোতিশিখাৰে প্ৰজ্বলিত বন্তি ন -দিন ধৰি এই মহাযজ্ঞত প্ৰজ্বলিত হৈথাকিব।মৰাণহাট উষাপুৰস্থিত ডি এল ম'ৰৰ প্ৰাঙ্গনত এই মহাযজ্ঞ অ নুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
মৰাণ নগৰত শ্ৰীশ্ৰী সাৰ্বজনীন দুৰ্গাপূজাৰ স্বৰ্ণজয়ন্তী উপলক্ষে কলহ যাত্ৰাৰে ন-দিনীয়া মহাযজ্ঞ আৰম্ভ।
