অৱশেষত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্ক্ৰাৰীৰ পদত্যাগ। মাক্ৰাৰীৰ বিৰুদ্ধে বিগত বছৰৰ ৪ ডিচেম্বৰতে পৰিষদত সংঘটিত ব্যাপক খেলিমেলি, দুৰ্নীতি, বিত্তীয় অনিয়মৰ সন্দৰ্ভত অনাস্থা আনিছিল পৰিষদৰ ২৫ জন কাৰ্যবাহী সদস্যৰ ২৪ জনে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে যোৱা ৪ ডিচেম্বৰত অনাস্থা অনাৰ পাছতে মাক্ৰাৰীয়ে‌ আদালতৰ কাষ চাপিছিল। ইয়াৰ পাছতে অৱশ্যে আদালতে মাক্ৰাৰীৰ সকলো ক্ষমতা কৰ্তন কৰি বিগত প্ৰায় এটা বছৰে প্ৰায় অচল হৈ আছিল পৰিষদৰ কাম-কাজ। পৰিষদত ব্যাপক খেলিমেলি, বিভিন্ন অনিয়ম, স্বেচ্ছাচাৰিতাৰ অভিযোগত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে অনাস্থা অনাৰ প্ৰায় এটা বৰ্ষৰ পাছত আজি মাক্ৰাৰীয়ে‌ নিজৰ পদত্যাগ পত্ৰ দিছিল। অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত নহ'ল।নিজৰ গাড়ী চালকৰ হাতত বগা কাগজত লিখি নিজৰ চহী নমৰাকৈয়ে প্ৰেৰণ কৰিছিল যদিও ইতিমধ্যে আস্থা ভোট সম্পন্ন হৈছিল। উল্লেখযোগ্য যে,

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে আজি দ্বীপুৰঞ্জন মাক্ৰাৰীৰ বিৰূদ্ধে আছিল আস্থা ভোট।আস্থা ভোটত মাক্ৰাৰীৰ বিৰুদ্ধে ২৪ জনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। যাৰ বাবে মাক্ৰাৰীৰ পদত্যাগ পত্ৰ গৃহীত নহ'ল যদিও ইতিমধ্যে তেওঁৰ মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰণ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণ যে, বিজেপি নেতৃত্বাধীন সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকল একনায়কত্ববাদ আৰু নীতি বৰ্হিভূত কাম-কাজৰ বিৰুদ্ধে বিজেপিৰ শীৰ্ষ নেতৃত্বক গুৰুতৰ অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পৰিষদৰ মুঠ ২৬ জন সদস্যৰ ভিতৰত বিজেপিৰ ২২ জনৰ ১৯ জনে অনাস্থা আনিছিল। 

আনহাতে পৰৱৰ্তী সময়ত দীপুৰঞ্জন মাক্ৰাৰীয়ে তেওঁৰ বিৰুদ্ধে নীতি বহিভূৰ্ত বুলি অভিযোগ উত্থাপিত কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে তেওঁৰ মুখ্য কাৰ্যবাহী সকলো ক্ষমতা কৰ্তন কৰি অচলাৱস্থা হৈ থকা পৰিষদখন চলাই নিয়াৰ দায়িত্ব অৰ্পণ কৰে উপ-মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালক।আনহাতে সোনোৱাল কছাৰী জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ২০০৫ চনতে গঠিত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ গঠন কালৰে পৰা বিভিন্ন সময়ত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছে।