দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ আৰু ৭ জানুৱাৰীত মাজুলীৰ কাকৰিকটা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদ্ যাপনৰ ব্যাপক প্ৰস্তুতিঃ

বিকাশ শইকীয়া , উজনি মাজুলীঃ ৩১ ডিচেম্বৰঃ

মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ ২২ নং কাকৰিকটা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান অহা ৬ আৰু ৭ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। ১৯২৪ চনত প্ৰতিষ্ঠিত বিদ্যালয়খনে প্ৰতিষ্ঠাৰ দিনৰে পৰা নামনি মাজুলীত স্বকীয়তাৰে শৈক্ষিক ক্ষেত্ৰখন জিলিকাই আহিছে। বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ উদযাপন সমিতিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। উদযাপন সমিতিৰ উদ্যোগত, স্থানীয় ৰাইজৰ সহযোগত ঐতিহাসিক অনুষ্ঠানটোৰ বাবে নামনি মাজুলীৰ গড়কাপ্তানী পথৰ কাষত বৃহৎ, সুদৃশ্য বাঁহৰ কাঠিৰ আদৰণী তোৰণ নিৰ্মাণ কৰা লগতে বিদ্যালয়ৰ প্ৰাংগনত কেইবাখনো শতবৰ্ষ তোৰণ নিৰ্মাণ কৰাৰ লগতে বৃহৎ সভাগৃহ , মঞ্চৰ পেণ্ডেল, ভোজনালয় আদি নিৰ্মাণ সম্পূৰ্ণ হৈছে। কাৰ্যসূচী অনুসৰি ৬ জানুৱাৰী পুৱা পৰিৱেশ নিকাকৰণৰ পাছত গছপুলি ৰোপণ কৰিব স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গণেশ চন্দ্ৰ দাস আৰু প্ৰফুল্ল সৰকাৰে । পতাকা উত্তোলন কৰিব শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি উত্তম কুমাৰ মেধিয়ে। সেইদিনা স্মৃতি তৰ্পণ কৰিব শতবৰ্ষ উদযাপন সমিতিৰ বিত্ত সমিতিৰ সভাপতি প্ৰেমকান্ত মেধি আৰু উপদেষ্টা ভোলা বায়নে। পুৱা দহ বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনখন উদ্বোধন কৰিব খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ সৰকাৰে। উক্ত সন্মিলনখন সঞ্চালনা কৰিব ডিগবৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ পবিত্ৰ ভৰাঁলীয়ে। বিয়লি এক বজাৰ পৰা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা, অভিভাৱক তথা সমাজৰ দায়িত্ব আৰু কৰ্তব্য" সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথে সঞ্চালনা কৰিব লগা উক্ত আলোচনা চক্ৰত আলোচক হিচাপে ভাষন প্ৰদান কৰিব কমলাবাৰী বিৱেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ হিতেশ দাস আৰু কানকুৰীকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক কুমুদ বৰাই। সন্ধ্যা বন্তি প্ৰজ্বলন কৰিব স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভোলানাথ দাস হাজৰিকাই। সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব সাংবাদিক যদু কলিতাই। 

৭ জানুৱাৰীৰ পুৱা পৰিৱেশ নিকাকৰণৰ পাছত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই। দুপৰীয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত সভাপতিত্ব কৰিব কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক হৰেন্দ্ৰ নাথ বৰুৱাই । মাজুলী জিলাৰ জিলা আয়ুক্ত ড০ কাবেৰী বি শৰ্মাই উদ্বোধন কৰিব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰিব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে। মুকলি সভাত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগু, সাংসদ তপন কুমাৰ গগৈ, মাজুলী সমষ্টিৰ বিধায়ক ভুবন গাম, আৰক্ষী অধীক্ষক বিৱেকানন্দ দাস, জিলা শিক্ষা বিষয়া সংগীতা বৰুৱা , মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজক আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকিব। সেইদিনা সন্ধিয়া হ'ব লগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়াই। দুয়োদিনৰ কাৰ্যসূচীত মাজুলীবাসী ৰাইজৰ সহায় সহযোগ, উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।