ছিপাঝাৰত অগ্নিপথ আঁচনিত নিযুক্তিৰ প্ৰশিক্ষণ।

হাজৰিকাপাৰা ৰাইজিং ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে শাৰীৰিক অনুশীলন। ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে সহযোগিতা আগবঢ়াইছে উক্ত কাৰ্যসূচীত। অসম আৰক্ষী, সামৰিক, অৰ্ধসামৰিক বাহিনী আদিত ভৰ্তি হ'বলৈ ইচ্ছা কৰা হাজৰিকাপাৰা অঞ্চলৰ কিশোৰ-কিশোৰীসকলক লৈ অনুষ্ঠিত হৈছে অনুশীলন তথা প্ৰশিক্ষণ । ২১ জুলাইৰ পৰা সময়ে সময়ে অনিৰ্দিষ্ট কাললৈ চলিব অনুশীলন কাৰ্যসূচী।