নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল২২ৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ল থাইলেণ্ডৰ চেণ্ট্ৰেল ৱৰ্ল্ড, বেংককত।

ভাৰত আৰু থাইলেণ্ডৰ মাজত গৌৰৱময় কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বছৰ উদযাপনৰ সময়তে থাইলেণ্ডৰ বেংককত অসমৰ উদ্যমী ব্যক্তি শ্যামকানু মহন্তৰ নেতৃত্বত অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ।

NEIF2022 ৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতক বিশেষভাৱে গুৰুত্ব দি দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক প্ৰসাৰ আৰু শক্তিশালী কৰা।

 থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী আৰু বাণিজ্যমন্ত্ৰী জুৰিন লক্ষনাৱিছিতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰ কে ৰঞ্জন, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিউ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে, অসমৰ ৰাজহ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মিজোৰামৰ মন্ত্ৰী, বিধায়ক সকল, থাইলেণ্ডস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুচিত্ৰা দুৰাই আৰু দুয়োখন দেশৰ পৰা গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ২০২২।

তিনিদিনীয়া এই উৎসৱত ভাৰত আৰু থাইলেণ্ডৰ মাজত সাংস্কৃতিক সাদৃশ্য আৰু উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হ’ব য’ত NE Indiaৰ উদ্যোগপতি, ট্যুৰ অপাৰেটৰ আৰু সাংস্কৃতিক দলৰ বৃহৎ প্ৰতিনিধিয়ে এই উৎসৱত অংশগ্ৰহণ কৰিছে।