৷৷ শিৱসাগৰত ডাকঘৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ ।।

কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা বন্ধ কৰি নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বিৰোদ্ধে সৰৱ হয় শিৱসাগৰ প্ৰধান ডাকঘৰৰ কৰ্মচাৰী সকল | NPS ব্যৱস্থাৰ উপৰিও ডাকঘৰৰ একাধিক আঁচনি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কাৰ্য্যৰ বিৰুদ্ধে ধৰ্মঘট পালন কৰে কৰ্মচাৰী সকলে | ডাকঘৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ  কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা চলাই থকা বুলি কৰ্মচাৰী সকলে শোভ প্ৰকাশ কৰে | তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিৰ বাবেই হাজাৰ হাজাৰ কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চয়তা মাজত সোমাই পৰা বুলিও শংকা প্ৰকাশ কৰে শিৱসাগৰ ডাক কৰ্মচাৰী সকলে |