চাপৰমুখ স্থিত চেন্ট বেচিল্চ একাডেমী ত আজি ছাত্ৰ ছাত্ৰী সকলে বনোৱা বিভিন্ন আৰ্হিৰ বিজ্ঞান মোডেল আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।
এই উপলক্ষে পূবা ৯.৩০বজাত নগাঁও ক্ৰাইষ্ট জ্যোতি বিদ্যালয় ৰ অধ্যক্ষ জেমছ থাপা মুখ্য অতিথি ৰুপে উপস্থিত হোবাত বিদ্যালয়ৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু ছাত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শন কৰি আদৰনী জনোৱাৰ পাছত বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষয়ত্ৰী ঝিলমিল ভূঞায়ে আঁত ধৰা অনুষ্ঠানত জেমছ থাপাই বিজ্ঞান মোডেল প্ৰদৰ্শনী দ্বাৰ ফিতা কাটি উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত চাপৰমুখ জংচন আৰ পি এফ বিষয়া মুকেশ কুমাৰ,ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা প্ৰীতিলতা পেগু,লক্ষী প্ৰসাদ মেদক,উওম দাস,চাপৰমুখ বি বি হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষা মালাৰানী বৰা,শিক্ষক মিন্টু ভৰালী,সুভাষ কুমাৰ নাথ,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ প্ৰধান শিক্ষয়ত্ৰী চয়নিকা ডেকা,শিক্ষক মিন্টু মহন্ত,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,সম্পাদক পংকজ বৰা আমন্ত্ৰিত বিশিষ্ট ব্যক্তি ৰুপত উপস্থিত থাকে।
সভাত মুখ্য অতিথি ৰূপে উপস্থিত নগাঁও ক্ৰাইষ্ট জ্যোতি বিদ্যালয় ৰ অধ্যক্ষ জেমছ থাপা,চাপৰমুখ চেন্ট বেচিল্চ একাডেমী ৰ ফাদাৰ মেথিউ কিচকোই বক্তব্য প্ৰদান কৰাৰ লগতে চিচটাৰ অনু মাৰিয়াই ধন্যবাদ সূচক বক্তৃব্য আগবাঢাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰদৰ্শনী দ্বাৰ উদ্বোধন ৰ পাছত বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন আৰ্হিৰ বিজ্ঞান মোডেল আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ লগোৱা প্ৰায় ১৫০ প্ৰদৰ্শনী স্থলীৰ মুখ্য অতিথি, আমন্ত্ৰিত অতিথি সকলৰ লগতে চেন্ট বেচিল্চ একাডেমী ৰ শতাধিক ছাত্ৰ ছাত্ৰী, অবিভাবক অবিভাবিকা সকলৰ লগতে ৰহা,চাপৰমুখ ৰ বিভিন্ন বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী,গনমান্য ব্যক্তি সকলে পৰিদৰ্শন কৰি আপ্লুত হোবাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ এই প্ৰতিভাৰ প্ৰশংসা কৰে।