দৰঙৰ চহিৰ ভূঞালৈ সন্মানীয় ডক্তৰেট উপাধি। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ চহিৰ ভূঞাক 'ভাৰত ভাৰচুৱেল ইউনিভাৰ্ছিটি ফৰ পিচ এণ্ড ইডুকেশ্বন' নামৰ বিশ্ববিদ্যালয়ে সন্মানীয় ডক্তৰেট উপাধি প্ৰদান কৰিছে। টেলেঙ্গানা, হায়দৰাবাদৰ লকড়ী- কা -পুলস্থিত অশোকা হোটেলত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ এক গাম্ভীৰ্যপূৰ্ণ দীক্ষান্ত সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অসমৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় আৰু ঐক্য সংহতিৰ বাবে অসমীয়া জনজীৱনত দীৰ্ঘদিন কাম কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ চহিৰ ভূঞাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্মান প্ৰদান কৰে। কৃষ্ণ কান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভূঞাই সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰো সভাপতি আৰু মুখ্য উপদেষ্টা হিচাপে দীৰ্ঘ দিন কাৰ্যনিৰ্বাহ কৰি পৰিচয় সংকটত ভোগা জনগোষ্ঠী গৰিয়া,মৰিয়া দেশীৰ অস্তিত্ব ৰক্ষা আৰু অধিকাৰ প্ৰাপ্তিৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ নেতৃত্ব বহন কৰিছে। আকাশবাণী আৰু দূৰদৰ্শনৰ স্বীকৃতি প্ৰাপ্ত গীতিকাৰ তথা অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ এগৰাকী অৱসৰী সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীৰ এই সন্মান লাভ কৰাত অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ,দৰং জিলা সাহিত্য সভা, দৰং আছু, যুৱ ছাত্ৰ পৰিষদ প্ৰমুখ্যে বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mayawati News: 'सपा से मेरी सुरक्षा को खतरा', Mayawati का बड़ा बयान | BSP | UP News | Akhilesh Yadav
Mayawati News: 'सपा से मेरी सुरक्षा को खतरा', Mayawati का बड़ा बयान | BSP | UP News | Akhilesh Yadav
ರಾಜ್ಯ ಸರ್ಕಾರವು 'ಕಾರ್ಮಿಕ ಬಂಧು' ಸ್ವಯಂಸೇವಕರನ್ನು ಖಾಯಂಗೊಳಿಸಬೇಕೆಂದು 'ಕರ್ನಾಟಕ ಕಾರ್ಮಿಕ ಬಂಧು ಹಿತರಕ್ಷಣಾ ಸಂಘ' ದ ಸದಸ್ಯರು ಒತ್ತಾಯಿಸಿದರು.
ಸೆಪ್ಟೆಂಬರ್ 12, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಕರ್ನಾಟಕ ಕಾರ್ಮಿಕ ಬಂಧು ಹಿತರಕ್ಷಣಾ ಸಂಘ'ದ...
Kerala: 'हिंदू व्हाट्सएप ग्रुप' बनाकर बुरे फंसे IAS अधिकारी, सरकार ने की सख्त कार्रवाई
नई दिल्ली। केरल सरकार ने सोमवार को आईएएस अधिकारी गोपालकृष्णन को कथित पर आचरण उल्लंघन के लिए...
गंगापूर (आप्पासाहेब गोरे ) अमृतमहोत्सवाच्या दिवशी स्वातंत्र्य सैनिकांचा सत्कार आप्पासाहेब खाजेकर मित्र मंडळाच्या वतीने डॉ बाबासाहेब आंबेडकर चौकात सकाळी अकरा वाजता करण्यात आला.
स्वातंत्र्य दिनाच्या औचित्य साधून आप्पासाहेब खाजेकर मित्र मंडळ वतीने आयोजित कार्यक्रमांमध्ये...