ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আজি ৰহাত সংবাদ মেল আয়োজন কৰি সাংবাদিক সকলৰ আগত কয় যে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য অঞ্চলৰ প্ৰতিভা সমূহ জাগ্ৰত কৰি বাৰ্ড,পঞ্চায়ত,জিলা পৰ্য্যাৰ পৰা ৰাজ্য পৰ্য্যায়লৈ লয় যোবাৰ উদ্দেশ্য খেল মহাৰন আৰু সাংস্কৃতিক মহাৰন কাৰ্য্যসূচী  আৰম্ভ কৰিছে।সেইয়ে মহাৰনৰ অধিনত অহা ১৯ নবেম্বৰত ৰহাৰ ডিমৌ চাৰিআলিত নগাঁও জিলা বডি বিল্ডিং আৰু ফিটনেছ এচোছিয়ছন ৰ উদ্যোগত জিলা ভিক্তিক বডি বিল্ডিং প্ৰতিযোগিতা ৰ আয়োজন কৰিছে।

পূবা ৮.৩০বজাত পতাকা উওোলনৰে শুভাৰম্ভ হব লগা প্ৰতিযোগিতা ত বৃহতৰ নগাঁও জিলা ৰ বিভিন্ন  প্ৰান্তৰ খেলবৈ সকলক নিমন্ত্ৰণ জনোৱা হৈছে আৰু বৰ্তমানলৈকে ৪০--৫০খেলবৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ ৰ বাবে পঞ্জীয়ন কৰিছে বুলি জানিব দি কয় যে আমাৰ লক্ষ্য হৈছে যুব প্ৰজন্মৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে সমাজৰ পৰা ড্ৰাছ,মাদক দ্ৰব্য ৰোধ কৰি নব প্ৰজন্মক এইবোৰৰ আঁতৰাই ৰখা।

   সংবাদ মেলত ৰহা নগৰ সমিতিৰ প্ৰাক্তন চেয়াৰমেন মনজ্যোতি বৰা,ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা,কামপুৰ পৌৰসভাৰ পৌৰপতি জয়ন্ত ফুকন সহ নগাঁও বডি বিল্ডিং আৰু ফিটনেছ এচোচিয়েচন ৰ প্ৰতিনিধি উপস্থিত থাকে।