অসম আৰু মিজোৰামৰ মাজত থকা কেবা দশকজোৰা সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধানৰ ওপৰত গুৰুত্ব দিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই। সীমা বিবাদ সম্পৰ্কত অসম আৰু মিজোৰামৰ মন্ত্ৰী পৰ্যায়ত ৯ আগষ্টত হোৱা আলোচনাৰ পিছতে আজি এই মন্তব্য কৰিছেমিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। 

জোৰাম থাংগাই লগতে এনে প্ৰচেষ্টা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। চলিত মাহৰ শেষ ভাগত নতুবা অহা মাহৰ প্ৰথমাৰ্দ্ধত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সীমা বিবাদ নিষ্পত্তি সন্দৰ্ভত নতুন দিল্লীত আলোচনাত বহাৰ কথা।

আনহাতে অহা অক্টোবৰ মাহত গুৱাহাটীত মন্ত্ৰী পৰ্যায়ৰ আন এলানি আলোচনা হ'ব। সীমা বিবাদ সম্পৰ্কত আইজলত ৯ আগষ্টত অনুষ্ঠিত আলোচনাত অসমৰ তৰফৰ পৰা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল উপস্থিত আছিল।