শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত আমোলাপট্টি হিন্দুধৰ্ম সভা নামঘৰৰ ১২৫ বছৰীয়া জন্ম জয়ন্তীৰ লগতে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দূৰ্গাপূজা উলহ-মালহেৰে উদ্‌যাপন কৰা হয়।এই কাৰ্যসূচীত পূজাৰ সকলো আনুষ্ঠানিক তা পালন কৰাৰ উপৰিও ইয়াৰ লগত সংগতি ৰাখি আশী বছৰৰ উৰ্দ্ধৰ দুগৰাকী বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। মহালয়াৰ দিনৰ পৰা ধৰ্ম ধ্বজ্জা উত্তোলন , স্মৃতি তৰ্পণ, আৰু বিশাল সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত কৰাহয়। এই কাৰ্য্যসূচীত সকলো বয়সৰ লোক অংশ গহন কৰা পৰিলক্ষিত হয়।দশমীৰ বিসৰ্জন কৰি আহি সন্ধিয়া প্ৰীতিমেলত সকলোৱে অংশ গ্ৰহন কৰি দূৰ্গোৎসৱৰ সামৰণি পেলোৱা হয়।