বৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ জাতিৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সঘনাই মাত মাতি অহা স্বাধীন মঞ্চ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ ভগ্নী সংগঠন "সাধাৰণ জাতি মহিলা সন্মিলন"ৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভাখনি অলপতে গুৱাহাটীস্থিত সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সাধাৰণ জাতি মহিলা সন্মিলন, ৰাজ্যিক সমিতিৰ সভানেত্ৰী সীমা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদিকা কবিতা মহন্ত, উপ-সভানেত্ৰীদ্বয় ক্ৰমে গীতালী ভট্টাচাৰ্য্য আৰু অনিমা বৰঠাকুৰ, পৰ্য্যৱেক্ষকৰূপে বিশিষ্ট সাংবাদিক তথা সুৰক্ষা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সমন্বয়ক ড০ সৰ্বানন্দ শৰ্মাৰ লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যাসকল উপস্থিত থাকে । উক্ত সভাত সকলো প্ৰকাৰে অৱহেলিত হৈ থকা বৃহত্তৰ সাধাৰণ জাতিৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত ভৱিষ্যতৰ বিভিন্ন কাৰ্য্যপন্থা সম্পৰ্কে আলোচনা বিশদভাৱে কৰা হয় আৰু আগন্তুক দিনত আমাৰ সমস্যাসমূহ অৱগত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হয়। সভাত সভানেত্ৰী সীমা শৰ্মাই নিজৰ বক্তব্যত সাধাৰণ জাতিৰ বিভিন্ন সমস্যাসমূহ দাঙি ধৰি কয় যে আমি সময় থাকোতেই উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ভৱিষ্যত প্ৰজন্মই ইয়াৰ ফল ভূগিব লাগিব । লগতে তেখেতে উল্লেখ কৰে যে, সংৰক্ষণ সদায় মেধাৰ ভিত্তিত হ’ব লাগে, জাতিৰ ভিত্তিত কৰা সংৰক্ষণ ব্যৱস্থা সমাজৰ বাবে অভিশাপস্বৰূপ । আনহাতে তেওঁ সাধাৰণ জাতিৰ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰিবলৈ এখন সাধাৰণ জাতি উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে সভাৰ জৰিয়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায় । উল্লেখযোগ্য যে, সভাত পৰ্য্যৱেক্ষক হিচাপে উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সমন্বয়ক ড০ সৰ্বানন্দ শৰ্মাই সন্মিলনৰ সাংগঠনিক দিশৰ ওপৰত তত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ ৷

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं