টেঙাখাতৰ ২নং ৰঙামাটি গাঁৱৰ শ্যাম মাৰ্দি নামৰ ৪১ বছৰীয়া ব্যক্তিৰ পানীত পৰি মৃত্যু।

টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ৰঙামাটি গাঁৱৰ শ্যাম মাৰ্দি নামৰ এজন ৪০ বছৰীয়া ব্যক্তিৰ পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ব্যক্তি জন দুদিন পূৰ্বে নিজৰ পত্নীৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই গৈছিল।আজি ব্যক্তি জনৰ মৃতদেহ ডিকম নদীত পুৱাৰ ভাগতে উদ্ধাৰ হয়।নৈৰ কাষৰীয়া অঞ্চলৰ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি টেঙাখাত আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু আৰক্ষী থানা লৈ লৈ আহে। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে টেঙাখাত আৰক্ষী য়ে।