মৰাণত 'মৰাণ-নাহৰকটীয়া' পথ উন্নীতকৰণৰ নামত লোক নিৰ্মাণ বিভাগৰ আশ্বৰ্যজনক কাণ্ড । পথ বহল কৰাৰ পৰিবৰ্তে ঠেক কৰাহে পৰিলক্ষিত হল । ১০০ ফুট বহল পথছোৱাৰ মাজভাগতে অৰ্থাৎ ৫০ ফুট বহল সীমাত নলা নিৰ্মাণৰ চলি আছে । ইফালে মৰাণত যান-যট ৰ সমস্যাই জনসাধাৰণক জ্বলা-কলা খুৱাই আহিছে । পথছোৱা বহল কৰাৰহে প্ৰয়োজন আছে যদিও ঠেক কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি স্থানীয় ৰাইজ নিৰ্মাণস্থলীত উপস্থিত হৈ নিৰ্মাণৰ কাম বন্ধ কৰি দিবলৈ বাধ্য হয় । ইতিমধ্যে, মন্ত্ৰী বিমল বড়া আৰু মন্ত্ৰী যোগেন মহনক অৱগত কৰিছে সচেতন মহলে । আসোঁৱাহপূৰ্ণ ভাৱে নলা নিৰ্মাণৰ কাম বন্ধ কৰি পুনৰ নিৰ্মাণ কৰাৰ দাবী সচেতন মহলৰ ।