ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী বিউটি শৰ্মা আৰু প্ৰদীপ কুমাৰ শৰ্মাৰ সু পুত্ৰ তথা মেধাবী ছাত্ৰ প্ৰয়াত উপাংকৰ শৰ্মা ৰ জন্মদিন উপলক্ষে আজি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থিত মহেন্দ্ৰ নাথ বৰদলৈ প্ৰেক্ষাগৃহ ত উপাংকৰ শৰ্মা ৰ স্মৃতি জীৱিত ৰখাৰ উদ্দেশ্যে গঠন কৰা উপাংকৰ শৰ্মা প্ৰতিভা সন্ধানী ন্যাস ৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত ছাত্ৰ ছাত্ৰী ৰ মাজত উপাংকৰ শৰ্মা প্ৰতিভা সন্ধানী চিত্ৰাংকন প্ৰতিযোগিতা ৰ আয়োজন কৰা হয়।

    এই উপলক্ষে সৰ্বপ্ৰথম উপাংকৰ শৰ্মা স্মৃতি ন্যাসৰ সভাপতি তথা বিশিষ্ট চিত্ৰশিল্পী অবনী কুমাৰ শইকীয়া ৰ সভাপতিত্বত আৰু অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই উপাংকৰ শৰ্মা ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰাৰ উপস্থিত সকলোবে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ পাছত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ জ্যেষ্ঠ শিক্ষক দিলিপ ৰাজখোৱাই উপাংকৰ শৰ্মা প্ৰতিভা সন্ধানী চিত্ৰাংকন প্ৰতিযোগিতা ৰ শুভাৰম্ভ কৰে। ক,খ আৰু গ তিনিটা শাখাত অনুষ্ঠিত হোবা  চিত্ৰাংকন প্ৰতিযোগিতাত ৰহাৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজীত শইকীয়া আৰু সুভাষ মেধি বিচাৰক ৰূপে থকা প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ আৰু নগদ টকা প্ৰদান কৰা লগতে পাঁচজনক নিচুকনি বঁটা প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

       অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক প্ৰবীন ভূঞা,উপাংকৰ শৰ্মাৰ মামা তথা ৰহা পৌৰসভা ব্যবসায় সন্থাৰ সভাপতি কমল চন্দ্ৰ শৰ্মা,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ জ্যেষ্ঠ শিক্ষয়ত্ৰী গীতা বৰা সহ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী,অবিভাবক অবিভাবিকা,উপাংকৰ শৰ্মাৰ পৰিয়ালবৰ্গ আৰু শতাধিক ছাত্ৰ ছাত্ৰী,গনমান্য ব্যক্তি উপস্থিত থাকে।