হোজাইত কঁপিলীৰ গৰাখহনীয়াই লৈছে কাল ৰূপ।ৱাৰেগেডিং অঞ্চলত নিতৌ চপৰা চপৰে খহিয়েই আছে গঢ়া।

খহনীয়াৰ বাবে নিঃশেষ হোৱাৰ দিশে প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়।ৱাৰেগেডিং প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ তিনিটা কোঠা কঁপিলীৰ বুকুত গৈছে জাহ।মুঠৰ ওপৰত খহনীয়াই কাল ৰূপ ধাৰন কৰাত বিদ্যালয়ৰ শ্ৰেণী কোঠাবোৰ এটা দিশৰ পৰা জাহ গৈ থকাত বিদ্যালয়টো নিঃশেষ হোৱাৰ উপক্ৰম দেখি উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

কপিলীৰ খহনীয়া ৰোধ কৰাৰ বাবে বৰ্তমানলৈকে সংশ্লিষ্ট বিভাগে লোৱা নাই কোনো ব্যৱস্থা।মন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন কালতো ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল যদিও এতিয়াও হোৱা নাই কোনো ধৰণৰ কাৰ্যকৰী।