ৰহাৰ ফুলগুৰি দেওবালী জাকৰুবাত আজি অনুষ্ঠিত হোবা সমূহীয়া বিবাহত ১৭যোৰা দৰা কইনা অগ্নি ৰ সাক্ষী লৈ বিবাহত বহে পালে সামাজিক মৰ্য্যদা।
ৰহা জাকৰুবাৰ ৰাইজৰ আলোচনা মৰ্মে গঠন কৰা পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি জাকৰুবা হৰি মন্দিৰত অনুষ্ঠিত হোবা সমূহীয়া বিবাহত ৰহা হাৰিয়ামুখ দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীৰ উপস্থিতিত আৰ্থিক ভাবে দুৰ্বল ১৭যোৰা দৰা কইনা অগ্নি ৰ সাক্ষী লৈ বিবাহত বহে আৰু সামাজিক স্বীকৃতি প্ৰদান কৰা হয়।লগতে সমূহীয়া বিবাহত এগৰাকী বিধবা মহিলাই শ্ৰীমদ্ভাগৱতক সাক্ষী কৰি বিবাহত বহে।
বিবাহত উপস্থিত ৰহা হাৰিয়ামুখ দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীক উদ্যোগতা সকলে ফুলাম গামোচাৰে অভিনন্দন জনোৱা ৰ লগতে সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীয়ে সম্বোধন কৰি ৰাইজৰ এই কাৰ্য্যক প্ৰশংসা কৰে।
বিবাহ উপলক্ষে আজি পূবাৰে পৰা সমস্ত ক্ষেত্ৰ বিয়ানাম,বেণ্ড পাৰ্টি,গীত নৃত্যৰে মুখৰিত হৈ পৰে।
অনুষ্ঠানত উদ্যোগতা সকলৰ লগতে স্থানীয় শতাধিক পুৰুষ মহিলা যুবক যুৱতী উপস্থিত থাকে।