বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ খেতিয়কৰ মাজত হাহাকাৰ,৪০বিঘা ধান খেতিত চহা পোকৰ উপদ্ৰপত অনিষ্ট|
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
চৰাইদেউ জিলা সোণাৰি সমষ্টিৰ নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰ সৰুপথাৰ চোকৰ ৮নং ৱাৰ্ডৰ সৰুপথাৰ গাঁৱৰ কৃষকৰ প্ৰায় ৪০বিঘা মাটি চহা পোকে খাই অনিষ্ট কৰা কাৰ্যই খেতিয়কৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে চৰাইদেউ জিলাৰ বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ ৮নং ৱাৰ্ডৰ
বিশেষকৈ ৰাজীৱ বৰগোঁহাই, মোহন ৰাজকোঁৱৰ,হেমন্ত ৰাজকোঁৱৰ,
নৰেন ৰাজকোঁৱৰ,
লব মাঝি,
যতীন ৰাজকোঁৱৰ
প্ৰায় ৪০ বিঘা ধান খেতিত চহা পোক তথা মুগা পলুৰ দৰে এবিধ পোকে ধানৰ পাতবোৰ খাই দিয়াৰ ফলত বগা পৰি অনিষ্ট হোৱা পৰিলক্ষিত হৈছে।দৰিদ্ৰ খেতিয়কৰ ধান খেতি সমূহ নষ্ট হোৱাত খেতিয়কে মুৰে কপালে হাত দিব লগা হৈছে। অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিজীৱী।তেনে স্থলত দৰিদ্ৰ খেতিয়কৰ খেতি পথাৰ সমূহ নষ্ট হৈ যোৱাত খেতিয়ক সকল উপায় হীনহৈ পৰিছে।দুই একে পোক মাৰিবলৈ কৃতনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে যদিও একো সু -ফল পোৱা নাই। অতি পৰিতাপৰ বিষয় যে বৰ্তমান লৈকে দূৰ্দশাগ্ৰস্থ খেতিয়ক সকলক সহায় তথা পৰামৰ্শ দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ কাৰো সময় নাই। আনহাতে খেতিয়ক ৰাইজে অচিৰেই পোকে অনিষ্ট কৰা কাৰ্যত ব্যৱস্থা লবলৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।