বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পী সকলৰ। সেই একেই ব্যস্ততা পৰিলক্ষিত হৈছে টিংখাঙৰ মৃৎ শিল্পীসকলৰ মাজতো । বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান , দোকান-পোহাৰৰ বাবে প্ৰতিমা সাজু কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল । টিংখাঙৰ গেৰেকণী গাঁৱৰ অজিত বৰুৱা নামৰ খনিকৰ জন এতিয়া দিনে-নিশাই সৰু -বৰ বিভিন্ন আকাৰৰ বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণ কৰি ৰং-তুলিকা বুলাই অন্তিম পৰশ দিয়াত ব্যস্ত। টিংখাঙৰ বিভিন্ন পূজা মণ্ডপত এই মৃণ্ময় মূৰ্ত্তিসমূহ প্ৰতিষ্ঠা কৰা হ'ব। একোটা প্ৰতিমাৰ মূল্য ২,৫০০ পৰা-৩,৫০০টকা। আগন্তুক ১৭ ছেপ্তেম্বৰত অনুস্থিত হ'ব লগীয়া বিশ্বকৰ্মা পূজাৰ আয়োজনক লৈ এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে পৰিয়ালটো ।