ৰহা,চাপৰমুখ ত বিভিন্ন সমিতিৰ দ্বাৰা আগন্তুক শাৰদীয় দুৰ্গোৎসবৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকে

চাপৰমুখ মাৰবাৰী পট্টী সাৰ্বজনীন শ্ৰী দুৰ্গোৎসব সমিতিৰ উদ্যোগত শাৰদীয় দুৰ্গোৎসবৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে মা দুৰ্গাৰ অজন্তা ৰুপি প্ৰতিমা মুখ্য আকৰ্ষণ হব।

   চাপৰমুখ মাৰবাৰী পট্টী সাৰ্বজনীন দুৰ্গোৎসব সমিতিৰ সম্পাদক বিকাশ আগৰবালাই জানিব দিয়ে যে অহা ২০অক্টোবৰত মহা ষষ্টী কলহ স্থাপনেৰে শ্ৰীশ্ৰী শাৰদীয় দুৰ্গোৎসবৰ শুভাৰম্ভ কৰাৰ লগতে ২১ অক্টোবৰত মহাসপ্তমী, ২২অক্টোবৰত মহা অষ্টমী,২৩অক্টোবৰত মহানবমী আৰু ২৪ অক্টোবৰত মহা দশমী বিহিত পূজা অৰ্চনা কৰা হব।

     দুৰ্গোৎসবৰ উপলক্ষে ২২অক্টোবৰ মহা অষ্টমী ৰ সাংস্কৃতিক সন্ধ্যা ত নগাঁও ৰ পৰা আমন্ত্ৰিত ভজন কন্ঠশিল্পী নিৰ্মলা কমল আলমপুৰীয়া ভজন পৰিবেশন কৰাৰ লগতে ২৩ অক্টোবৰত মহা নবমী সাংস্কৃতিক সন্ধ্যা ত গুৱাহাটীৰ পৰা আমন্ত্ৰিত ভজন কন্ঠশিল্পী দ্বয় জগদীশ মহতো আৰু সুনিল ঠাকুৰে ভজন পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলিব।

   ২৪অক্টোবৰত পূবা মহা দশমী বিহিত পূজা অৰ্চনা ৰ পাছত বিয়লী ৩বজাত মাৰ প্ৰতিমা লৈ নগৰ ভ্ৰমন কৰি জল বিসৰ্জন কৰি চাৰি দিনীয়া দুৰ্গোৎসবৰ সফল সমাপন কৰা হব।