*অমৃত কালত এখন দলং বিচাৰি সৰ্বশ্ৰান্ত গঞা নামিল হাতে কামে*

 দেশৰ স্বাধীনতাৰ অমৃত কাল চলি থকা সময়ত এটা পথ এখন দলং বিচাৰি হাঁহাকাৰ কৰিব লগা হৈছে ঢকুৱাখনাত । কি বিধায়ক ,কি প্ৰশাসন, কি উন্নয়ন খণ্ড সকলো পক্ষৰ ভুক্তভোগী ৰাইজৰ দুখ অভাৱ সমস্যাৰ প্ৰতি সামান্যতমো গুৰুত্ব নাই। পৰিণতিত বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা ভুগি খেতি খোলা কৰি ,

শিক্ষানুষ্ঠানলৈ গৈ ,ৰোগীক চিকিৎসালয়লৈ নি দুৰ্বিসহ দিন কটাব লগীয়া হৈ আহিছে ৰাইজে। সততে উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ এই অমৃত কালত এনে অবৰ্ণনীয় দুৰ্দশা ভুগি অহা দুৰ্ভগীয়া গাঁওখন হৈছে পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত সুঁতিমুখ । ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত এইখন গাঁওখনৰ লগতে জাৰণি গাঁও, ৰাওনাবাৰী, সুঁতিমুখ ,চেতিয়া গাঁও ,বৰবাৰী, আদি গাঁওৰ চহা প্ৰাণ ৰাইজৰ মেৰুদণ্ড স্বৰূপ সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী পথ । যুগ যুগ ধৰি গঞা ৰাইজে ব্যৱহাৰ কৰি অহা এইটো পথৰ লগতে পথটোৰ চাৰিকড়ীয়া নদীৰ ওপৰত এখন পকী অথবা কাঠৰ দলং দিয়াৰ  দাবী জনাই আহিছিল । পিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ  বিধায়ক নৱ দলে, ঢকুৱাখনা উমনয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কিম্বা ঢকুৱাখনা মহকুমা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা ৰাইজে প্ৰত্যক্ষ নকৰিলে। অতিষ্ঠ গাঁও সমূহৰ ৰাইজে বুধবাৰে একত্ৰিত হৈ সিদ্ধান্ত লয় নিজে শ্ৰমদান কৰি ,নিজৰ বাৰীৰ বাঁহ ব্যৱহাৰ কৰি সঞ্চিত পুঁজিৰে যাবতীয় নিৰ্মাণ  সামগ্ৰী ক্ৰয়েৰে এখন বাঁহৰ দলং নিৰ্মাণৰ । সেই অনুক্ৰমে বুধবাৰে পুৱাই গাঁও সমূহৰ ভুক্তভোগী ৰাইজে শ্ৰমদান কৰি নিজৰ বাঁহ সামগ্ৰীৰে প্ৰায় ৪০০ মিটাৰ  দীঘল এখন বাঁহৰ দলং নিৰ্মান কৰি উলিয়াই । পুৱা ৮ বজাৰ পৰা প্ৰায় ১২০০ বাঁহ ৰাইজৰ দানেৰে সংগ্ৰহ কৰি বিয়লি পৰ্যন্ত এখন শক্তিশালী দলং নিৰ্মান কৰি উলিয়াই। গাঁও সমূহৰ প্ৰায় ৩০০ ৰাইজৰ সহযোগিতাৰে নিৰ্মিত দলংখন সম্পূৰ্ণ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰে । ভুক্তভোগী ৰাইজে জনোৱা মতে নদীখনৰ ওপৰত দলংখন নিৰ্মান সম্পূৰ্ণ হল যদিও পথছোৱা এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে । ৰাইজৰ দাবী বিধায়ক দলে আৰু মহকুমাধিপতি কাৰ্ত্তিক কলিতাই এইক্ষেত্ৰত যথোচিত গুৰুত্ব প্ৰদান কৰি পথছোৱাৰ লগতে এখন স্থায়ী দলং নিৰ্মান কৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক । তাৰোপৰি নদীখনে অব্যাহত ৰখা ভয়াবহ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰাৰো দাবী জনাইছে ৰাইজে একেমুখে ।