বৰ্দ্ধিত মাচুলৰ চাৰ্কোলাৰ দাহ কৰি আজি খোৱাঙত কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সহযোগত খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত খোৱাং চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কংগ্ৰেছ কৰ্মী সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে বিদ্যুৎ বিভাগে প্ৰকাশ কৰা বৰ্দ্ধিত মাচুলৰ চাৰ্কোলাৰ দাহ কৰে । আজিৰ এই কাৰ্যসূচীত APCC ৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি বিজেপি চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । লগতে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰতিটো পৰিয়ালক ২০০ ইউনিত বিনামূলীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

. -