দৰং জিলাৰ খাৰুপেটীয়া নগৰস্থিত তেৰাপন্থ ভৱনত দেওবাৰে অখিল ভাৰতীয় তেৰাপন্থ যুৱক পৰিষদৰ খাৰুপেটীয়া শাখাই বিশ্ব সৰ্ববৃহৎ ৰক্তদান অভিযানৰ অংশ হিচাপে এক মেগা ৰক্তদান শিৱিৰৰ আয়োজন কৰে। খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ  আৰু নাৰ্চৰ সহযোগত পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা ৰক্তদান শিৱিৰত ১০০ ইউনিট ৰক্ত সংগ্ৰহৰ লক্ষ্য আছিল যদিও ৫০জন ব্যক্তিয়ে ৫০ ইউনিট ৰক্তদান কৰে। সংগ্ৰহ কৰা তেজ খিনি মঙ্গলদৈ ব্লাড বেংকত জমা দিয়ে। অনুষ্ঠানটিত খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ আজহাৰুল ইছলাম, খাৰুপেটীয়া তেৰাপন্থ যুৱক পৰিষদৰ আহ্বায়ক দীপক হিৰাৱত, চঞ্চল বৈধ,অমিত ভটিয়া, পংকজ শ্যামসুকা, আশীষ শ্বাজেৰ, মুকেশ, ৰিষভ ভূত্ৰা, সংস্কাৰ জৈন আদি ব্যক্তি সকল উপস্থিত থাকি ৰক্তদান শিৱিৰ কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়ায়।