ভাৰত চৰকাৰৰ নিৰ্দেশ ত সমগ্ৰ দেশত ১তাৰিখ ১ঘন্টা শ্ৰমদান,স্বচ্ছতা হী সেবা কাৰ্য্যসূচী চলি থকা সমান্তৰালকৈ আজি ১অক্টোবৰত ৰহা পৌৰসভাৰ উদ্যোগতো পালন কৰা হয়।

   আজি পূবা ১০বজাত ৰহা পৌৰসভাৰ অন্তৰ্গত ১০টা বাৰ্ডত বাৰ্ড কমিছনাৰ নেতৃত্বত কাৰ্য্যসূচী পালন কৰাৰ লগতে ৰহাৰ বিধায়ক শশীকান্ত দাস, ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা, ৰহা খণ্ড উন্নয়ন বিষয়া পলাশ বৰা,ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস সহ বিভিন দল সংগঠন,অনুষ্ঠান, প্ৰতিষ্ঠান ৰ উপস্থিতি কাৰ্য্যসূচী পালন কৰি স্বচ্ছতা অভিযান চলোবা হয়।